সেৱাৰ চৰ্তাৱলী

Googleএ প্ৰদান কৰা চ্চাট সেৱা (“সেৱা”) ব্যৱহাৰ কৰি আপুনি Googleৰ সেৱাৰ চৰ্তাৱলী, Googleৰ গোপনীয়তাৰ নীতি আৰু এই অতিৰিক্ত চৰ্তসমূহ (সমূহীয়াভাৱে “সেৱাৰ চৰ্তাৱলী”) গ্ৰহণ কৰিছে আৰু সেইবিলাকৰ প্ৰতি দায়বদ্ধ থাকিব বুলি সন্মতি দিছে।চ্চাট সেৱাৰ বাবে টেলিফ’ন নম্বৰৰ দৰকাৰ, গতিকে চ্চাটসমূহ সেই নম্বৰত উপলব্ধ হোৱাৰ আগেয়ে অইন সেৱাৰ জৰিয়তে যাবলগীয়া হ’ব পাৰে। আপুনি এই কথাত সন্মতি দিছে যে সেৱাটো প্ৰদান কৰাৰ অৰ্থে আপোনাৰ সম্পৰ্কসূচী মাজে-সময়ে চ্চাট সুবিধা ব্যৱহাৰ কৰিব পৰা সক্ষমতা আছেনে নাই সেইয়া জানিবলৈ পৰীক্ষা কৰা হ’ব পাৰে। সেৱাটো প্ৰদান কৰিবলৈ Googleএ মাজে-সময়ে আপোনাৰ ডিভাইচ বিষয়ক তথ্য, যেনে ডিভাইচ পৰিচায়ক বা ছিম কাৰ্ডৰ তথ্য আপোনাৰ বাহকৰ সৈতে বিনিময় কৰিব পাৰে যাতে আপোনাৰ টেলিফ’ন নম্বৰটো সত্যাপন কৰিব পৰা যায়।এই সেৱাৰ চৰ্তাৱলী আপোনাৰ বাহকে যোগান ধৰা সুবিধা আৰু সেৱাৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় (যেনে, বাহক কলিং আৰু এছএমএছ/এমএমএছ/ইত্যাদি বাৰ্তা প্ৰেৰণ।)। এই সেৱাটোৰ ব্যৱহাৰত যতি পেলাবলৈ আপোনাৰ বাৰ্তা এপ্লিকেশ্বনটোৰ ছেটিঙলৈ গৈ ইয়াক বন্ধ কৰিব পাৰে।

এই সেৱাটো Google LLCৰ ছাবছিডিয়েৰি কোম্পানী Jibe Mobile, Inc.এ আগবঢ়াইছে।